Posts

Showing posts from June, 2025

সপোন কিয় দেখিব লাগে?

  সপোন কিয় দেখিব লাগে? আমি প্ৰত্যেকেই সপোন দেখিব লাগে।সপোন নেদেখা জীৱন পেট্ৰলহীন বাইকৰ দৰে;য'ত আগুৱাই যাবলে শক্তিৰ অভাৱ।সপোন দেখাতো খুৱ জৰুৰী।কাৰণ সপোনবোৰেইতো জীয়াই থকাৰ প্ৰেৰণা। এদিন সফল হ'ম,সেই আশাৰেই দিন ৰাত একাকাৰ কৰি সপোনৰ পিছত দৌৰি ভাল লাগে। হ'য় ভাগৰ লাগে,কিন্তু সপোন এৰাৰ অজুহাত নাথাকে। কেতিয়াবা জিৰণিও লোৱা যায়,কিন্তু লক্ষ্যস্থান সহজে হেৰাই নাযায়। সপোন সেইটো ন'হয়,যিটো শুৱাৰ পিছত আমি ৰাতি দেখোঁ,বৰং সপোন সেইটোহে যিটোৱে আমাক ৰাতিটো শান্তিৰে শুৱলে নিদিয়ে।। সপোন অৰ্থাৎ আমাৰ লক্ষ্যস্থান,যিটো পাৱলে আমি দিন ৰাতি একাকাৰ কৰোঁ।সপোনৰ বাটত কষ্ট আছে, খোলা বোমা পিছল বাট,উজতিত ভাঙিব পাৰে দুই ভৰি হাত।তথাপিতো আগবাঢ়িব লাগিব। সপোন পুৰাবলে সময় লাগে।সেই সময় সকলোৰে বাবে বেলেগ বেলেগ।এই ধৰক কাৰোবাৰ গাড়ী আছে,গন্তব্যস্থল সোনকালেই পাবগৈ।কাৰবোৰ গাড়ী নাই,চাইকেলেৰে যাব।দেৰি হ'ব কিন্তু পেদেল মাৰি গৈ থাকিলে নিশ্চয় গৈ পাৱ।তেনেদৰে কোনোবাই হ'য়তো খোঁজ কাঢ়িও যাব,গৈ পাব;মাথোঁ সময় লাগিব।সেইবুলি গাড়ীৰে যোৱাজনক দেখি আমি দুখ কৰিলে ন'হব।জীৱন সকলোৰে একে ন'হয়। এই ক্ষেত্ৰত পৰিয়ালৰ আৰ্থিক অৱস্থ...

নীলাভ আকাশ

নীলাভ আকাশ মই এখনি নীলাভ আকাশ আৰু তুমি ডাৱৰ হৈ মোৰ বুকুত খেলিছা! নাজানোঁ বুকুত কিমান ভালপোৱা হ'লে আৱেগৰ কৃষ্ণচূড়া ফুলে, নাজানোঁ প্ৰেমত কিমান মাতাল হ'লে হৃদয়ত কহুঁৱা হালে! নজনাকৈৱে নভৱা কথাবোৰেই হৈ গ'ল প্ৰেমৰ জাজি নৈখন হঠাৎ তোমাতেই বিলীন হ'ল কি ৰং সানিলে তুমি জিলিকি উঠিবা কোৱা তোমাৰ প্ৰিয় ৰং ক'লা নে মই ভালপোৱা গুলপীয়া নে জীৱনৰ শেষ বাটে সোৱোৰাই দিয়া আৱেলিৰ হেঙুলীয়া??

ভালপোৱা

ভালপোৱা ভালপোৱা মোৰ শাৰদীয় অনুভৱত তুমি যেন শুকুলা শেৱালি মোৰ নৈপৰীয়া আৱেগবোৰত তুমি যেন কঁহুৱা এধানি! কি নাম দিম তোমাক, মোৰ পিয়াঁহৰ ব্যাকুলতা নে নিৰ্জীৱ জীৱনৰ সজীৱতা? প্ৰভাতী পুৱাৰ ৰদাঁলি নে ৰামধেনুৰ হেঙুলীয়া আৱেলি? নাজানোঁ এনে কিয় হ'য় ভালপোৱাত য'ত প্ৰাপ্তিৰ সমাধি হ'য় কোনোবা নিৰ্জন অমানিশাত।।

A assamese poem" TUMI" written by Benudhar Rabha

তুমি (TUMI) তুমি সাগৰৰ দৰে গহীন   উৰ্মিমালা হৈ নাচিছা বুকুত, তুমি আকাশৰ দৰে মৌন হেঙুলীয়া হৈ নামিছা দুচকুত।।   তুমি সেউজীয়া এধানি মৰম সোনোৱালী হৈ পুৰাবানে হৃদয়, তুমি যন্ত্ৰনাৰ এখনি জীয়া ছবি বুকুৰ দলিছাত আকিবানে প্ৰণয়!!

A Assamese poem written by Benudhar Rabha

  মোৰ বাবে তুমিনো কোন ? মো ৰ বাবে তুমিনো কোন ? মোৰ বাবে তুমি জোনাকৰ বৰষুণ হৃদয়ত বাজি উঠা নুপুৰৰ ৰুণজুণ; তুমি তুমি ভাৱনাৰ স্বপ্ন মালিতা শোৱৰণিৰ তুলিকাৰে অঁকা আকাশনীল কবিতা! মোৰ বাবে তুমি সপোন মাধুৰী আঘোনৰে পথাৰৰ শইচ সোনোৱালী; ৰিক্ত সিক্ত বুকুৰ হেঙুলীয়া আভাস, কাচিয়লি ৰ'দৰে তুমি মিঠা এটি সুৱাস!!

ভালপোৱা

  ভালপোৱা মোৰ শাৰদীয় অনুভৱত তুমি যেন শুকুলা শেৱালি মোৰ নৈপৰীয়া আৱেগবোৰত  তুমি যেন কঁহুৱা এধানি! কি নাম দিম তোমাক,  মোৰ পিয়াঁহৰ ব্যাকুলতা নে নিৰ্জীৱ জীৱনৰ সজীৱতা? প্ৰভাতী পুৱাৰ ৰদাঁলি নে ৰামধেনুৰ হেঙুলীয়া আৱেলি? নাজানোঁ এনে কিয় হ'য় ভালপোৱাত য'ত প্ৰাপ্তিৰ সমাধি হ'য় কোনোবা নিৰ্জন অমানিশা ত ।।

ময়ো ফাগুনৰ দৰেই ঠিকনাবিহীন..

ময়ো ফাগুনৰ দৰেই ঠিকনাবিহীন.. ফাগুনৰ বাউলি বতাহজাকৰ  ক'ত ন' থাকে ঠিকনা? দিশহাৰা হৈ ঘুৰিহে ফুৰে, তথাপিও ফাগুন সকলোৰে প্ৰিয়! ময়ো ফাগুনৰ দৰে ঠিকনাবিহীন...মই বাৰু তোমাৰ প্ৰিয় নে? তুমি আকাশ ভালপালে আকাশৰ নীলাখিনি মই হ'ব খোজোঁ, তুমি এন্ধাৰ ভয় কৰা বাবে  ৰাতিৰ আকাশৰ জোনাক হ'ব খোজাঁ তুমি পোহৰপ্ৰিয়া, সেইবাবে এমুঠি পোহৰ  প্ৰভাতৰ পৰা খামুচি  তোমাৰ হৃদয়ত বুলাই দিব খোজোঁ।। তুমি সাগৰৰ দৰে শান্ত যদিও বুকুত হেপাহৰ প্ৰশান্ত তুমি মৌন স্থিতপ্ৰজ্ঞ, মাথোঁ মইহে নদীয়ে সাগৰক বিছৰাৰ দৰে দিশহাৰা হৈ বিছাৰি ফুৰিছো মাথোঁ তোমাৰ ঠিকনা।।

আকৌ এবাৰ কবি হ'বলৈ মন যায়

আকৌ এবাৰ কবি হ'বলৈ মন যায় তুমিহীনতাত হেৰুৱাইছিলোঁ আৱেগ ... ভালপোৱাৰ খিড়িকিৰে ওপৰলৈ ছাই দেখোঁ শুভ্ৰ অকাশখন ডাৱৰেৰে ঢোকা। মুক্ত আকাশ আৰু মুক্ত মনেৰেহে কবিতা লিখিব পাৰি, পশ্চিমৰ আবেলিত জানোঁ কবিতা ভাল লাগে? তুমি পোহৰ বিছাৰি মোৰ বুকুত জোনাক সিচিঁলা হেঙুলীয়া আৱেগ হৈ দূচকুত ৰামধেনু আকিলা, বতাহত ঢৌ খেলা ছন্দ হৈ তুমি মোৰ উকাঁ ডায়েৰীৰ পৃষ্ঠাত লিখি দিলা আকৌ এবাৰ কবি হৈ যোৱা ভালপোৱাৰ বাবে প্ৰেমক সজীৱ কৰিবলৈ।।