Posts

তোমাক ভালপাৱলৈ মোৰ একো নাই, হৃদয় এখন আছে পাখি মেলি উৰি ফুৰে, শুভ্ৰ আকাশ এখনো আছে তাতে মুক্ত বতাহ  বয়, ফাগুনী চিলা উৰে কহুঁৱাই নাছে হালি জালি, কিন্তু তুমি যে বিশালতা বেয়া পোৱা তোমাক লাগে চহৰৰ নতুনত্ব তোমাৰ প্ৰেমিক হবলৈ  সেয়ে মোৰ একোৱেই নাই| বগা কাগজত তোমাৰ নামেৰে কবিতা লিখিব জাঁনো, ভালপোৱাক সুৱৰি গান গুণ গুণাব জাঁনো অকলসৰে, কিন্তু তুমি যে নুবুজা  মোৰ হৃদয়ৰ  ব্যাকুল প্ৰকাশ, তোমাৰ পৃথিৱীত কেৱল ব্যস্ততা অনুভৱৰ বৰষূণ নপৰে, তুমি অংক বুজি পোৱা কিতাপৰ জীৱনৰ নহয়, তোমাক ভালপাৱলৈ সেয়ে মোৰ একোৱেই নাই|

তোমাক ভালপাৱলৈ মোৰ একোৱেই নাই