A assamese poem" TUMI" written by Benudhar Rabha
তুমি (TUMI)
তুমি সাগৰৰ দৰে গহীন
উৰ্মিমালা হৈ নাচিছা বুকুত,
তুমি আকাশৰ দৰে মৌন
হেঙুলীয়া হৈ নামিছা দুচকুত।।
তুমি সেউজীয়া এধানি মৰম
সোনোৱালী হৈ পুৰাবানে হৃদয়,
তুমি যন্ত্ৰনাৰ এখনি জীয়া ছবি
বুকুৰ দলিছাত আকিবানে প্ৰণয়!!
Comments
Post a Comment