A Assamese poem written by Benudhar Rabha
মোৰ বাবে তুমিনো কোন ?
মোৰ বাবে তুমিনো কোন ?
মোৰ বাবে তুমি
জোনাকৰ বৰষুণ
হৃদয়ত বাজি উঠা
নুপুৰৰ ৰুণজুণ;
তুমি তুমি ভাৱনাৰ
স্বপ্ন মালিতা
শোৱৰণিৰ তুলিকাৰে অঁকা
আকাশনীল কবিতা!
মোৰ বাবে তুমি
সপোন মাধুৰী
আঘোনৰে পথাৰৰ
শইচ সোনোৱালী;
ৰিক্ত সিক্ত বুকুৰ
হেঙুলীয়া আভাস,
কাচিয়লি ৰ'দৰে তুমি
মিঠা এটি সুৱাস!!
Comments
Post a Comment