ময়ো ফাগুনৰ দৰেই ঠিকনাবিহীন..


ময়ো ফাগুনৰ দৰেই ঠিকনাবিহীন..


ফাগুনৰ বাউলি বতাহজাকৰ 

ক'ত ন' থাকে ঠিকনা?

দিশহাৰা হৈ ঘুৰিহে ফুৰে,

তথাপিও ফাগুন সকলোৰে প্ৰিয়!

ময়ো ফাগুনৰ দৰে

ঠিকনাবিহীন...মই বাৰু তোমাৰ প্ৰিয় নে?


তুমি আকাশ ভালপালে

আকাশৰ নীলাখিনি মই হ'ব খোজোঁ,

তুমি এন্ধাৰ ভয় কৰা বাবে 

ৰাতিৰ আকাশৰ জোনাক হ'ব খোজাঁ

তুমি পোহৰপ্ৰিয়া,

সেইবাবে এমুঠি পোহৰ

 প্ৰভাতৰ পৰা খামুচি 

তোমাৰ হৃদয়ত বুলাই দিব খোজোঁ।।


তুমি সাগৰৰ দৰে শান্ত

যদিও বুকুত হেপাহৰ প্ৰশান্ত

তুমি মৌন স্থিতপ্ৰজ্ঞ,

মাথোঁ মইহে নদীয়ে সাগৰক বিছৰাৰ দৰে

দিশহাৰা হৈ বিছাৰি ফুৰিছো মাথোঁ তোমাৰ ঠিকনা।।

Comments

Popular posts from this blog

আকৌ এবাৰ কবি হ'বলৈ মন যায়

A assamese poem" TUMI" written by Benudhar Rabha