সপোন কিয় দেখিব লাগে?
সপোন কিয় দেখিব লাগে? আমি প্ৰত্যেকেই সপোন দেখিব লাগে।সপোন নেদেখা জীৱন পেট্ৰলহীন বাইকৰ দৰে;য'ত আগুৱাই যাবলে শক্তিৰ অভাৱ।সপোন দেখাতো খুৱ জৰুৰী।কাৰণ সপোনবোৰেইতো জীয়াই থকাৰ প্ৰেৰণা। এদিন সফল হ'ম,সেই আশাৰেই দিন ৰাত একাকাৰ কৰি সপোনৰ পিছত দৌৰি ভাল লাগে। হ'য় ভাগৰ লাগে,কিন্তু সপোন এৰাৰ অজুহাত নাথাকে। কেতিয়াবা জিৰণিও লোৱা যায়,কিন্তু লক্ষ্যস্থান সহজে হেৰাই নাযায়। সপোন সেইটো ন'হয়,যিটো শুৱাৰ পিছত আমি ৰাতি দেখোঁ,বৰং সপোন সেইটোহে যিটোৱে আমাক ৰাতিটো শান্তিৰে শুৱলে নিদিয়ে।। সপোন অৰ্থাৎ আমাৰ লক্ষ্যস্থান,যিটো পাৱলে আমি দিন ৰাতি একাকাৰ কৰোঁ।সপোনৰ বাটত কষ্ট আছে, খোলা বোমা পিছল বাট,উজতিত ভাঙিব পাৰে দুই ভৰি হাত।তথাপিতো আগবাঢ়িব লাগিব। সপোন পুৰাবলে সময় লাগে।সেই সময় সকলোৰে বাবে বেলেগ বেলেগ।এই ধৰক কাৰোবাৰ গাড়ী আছে,গন্তব্যস্থল সোনকালেই পাবগৈ।কাৰবোৰ গাড়ী নাই,চাইকেলেৰে যাব।দেৰি হ'ব কিন্তু পেদেল মাৰি গৈ থাকিলে নিশ্চয় গৈ পাৱ।তেনেদৰে কোনোবাই হ'য়তো খোঁজ কাঢ়িও যাব,গৈ পাব;মাথোঁ সময় লাগিব।সেইবুলি গাড়ীৰে যোৱাজনক দেখি আমি দুখ কৰিলে ন'হব।জীৱন সকলোৰে একে ন'হয়। এই ক্ষেত্ৰত পৰিয়ালৰ আৰ্থিক অৱস্থ...