আকৌ এবাৰ কবি হ'বলৈ মন যায়
আকৌ এবাৰ কবি হ'বলৈ মন যায় তুমিহীনতাত হেৰুৱাইছিলোঁ আৱেগ ... ভালপোৱাৰ খিড়িকিৰে ওপৰলৈ ছাই দেখোঁ শুভ্ৰ অকাশখন ডাৱৰেৰে ঢোকা। মুক্ত আকাশ আৰু মুক্ত মনেৰেহে কবিতা লিখিব পাৰি, পশ্চিমৰ আবেলিত জানোঁ কবিতা ভাল লাগে? তুমি পোহৰ বিছাৰি মোৰ বুকুত জোনাক সিচিঁলা হেঙুলীয়া আৱেগ হৈ দূচকুত ৰামধেনু আকিলা, বতাহত ঢৌ খেলা ছন্দ হৈ তুমি মোৰ উকাঁ ডায়েৰীৰ পৃষ্ঠাত লিখি দিলা আকৌ এবাৰ কবি হৈ যোৱা ভালপোৱাৰ বাবে প্ৰেমক সজীৱ কৰিবলৈ।।